ৰাজ্যত ২০১৪ চনৰ পৰা যোৱা ১৬ জুলাইলৈ ১৩ বছৰত বান, ধুমুহা আৰু বজ্ৰপাতত মুঠ ১,৫৬৭জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিধানসভাত এই কথা সদৰি কৰে।
তেওঁ কয়, যে দুৰ্যোগৰ সময়ত কোনো লোকৰ মৃত্যু হ’লে বিভাগৰ পৰা মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ আর্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আছে। চলিত বৰ্ষত এই আর্থিক সাহায্যৰ পৰিমাণ ৫ লাখলৈ বৃদ্ধি কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্রাকৃতিক দুৰ্যোগৰ জৰুৰীকালীন সময়ত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ ধন আৱণ্টন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত অসমলৈ ৩ হাজাৰ ৭৯৩ কোটি ৬০ লাখ টকা আবণ্টন কৰা হৈছে।
ইয়াৰে ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ মুঠ ৩ হাজাৰ ৪৭৭ কোটি ২৩ লাখ টকা ব্যয় কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত চৰকাৰৰ হাতত প্ৰায় এহেজাৰ ৬০০ কোটি টকা জমা আছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে ।