গ্রাম্য ক্রীড়াংগনৰ উন্নয়নেই প্ৰতিভাৱান খেলুৱৈৰ সৃষ্টিৰ আধাৰ বুলি সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে।
পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ আন্তঃগাথনি উন্নয়নৰ অৰ্থে ভোমোৰাগুৰি খেলপথাৰত ৩০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া বহুমুখী ক্রীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে।
তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্রাম্য ক্রীড়াংগনৰ উন্নয়নৰ যাত্ৰা অব্যাহত আছে। এইক্ষেত্ৰত খেল মহাৰণে বিশেষ ভূমিকা পালন কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
তেওঁ লগতে কয় যে গ্ৰামাঞ্চলৰ প্ৰতিটো ক্রীড়া প্রতিভাই যাতে উপযুক্ত সুযোগ সুবিধা লাভ কৰি প্ৰতিভা বিকাশৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে উন্নত ক্রীড়া আন্তঃগাথনি নিৰ্মাণ কৰাটো চৰকাৰৰ মূল লক্ষ্য।