September 4, 2026 12:09 PM | Keshab Mahanta

printer

কলিয়াবৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো  মন্ত্রী কেশৱ মহন্তৰ পর্যালোচনা

ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, সাধাৰণ প্রশাসন আদি বিভাগৰ মন্ত্রী কেশৱ মহন্তই কালি কলিয়াবৰৰ পৰা নুমলীগড়লৈ নির্মাণ হ’ব লগা কাজিৰঙা এলিভেটেড কৰিডৰৰ নিৰ্মাণকাৰ্যৰ সৈতে জড়িত বিভিন্ন প্রক্রিয়া আৰু প্ৰস্তুতিমূলক কাম-কাজৰ অগ্রগতি সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰে।

কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত তেওঁ লগতে কলিয়াবৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো পর্যালোচনা কৰে।

তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সৃষ্টি হোৱা ভগা অংশ আৰু গাঁতসমূহ শীঘ্রেই মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট কর্তৃপক্ষই এইক্ষেত্রত শীঘ্রেই প্রয়োজনীয় মেৰামতিৰ কাম সম্পন্ন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীক আশ্বাস দিয়ে।

এই পর্যালোচনা বৈঠকত প্রশাসনৰ বিষয়াসকলৰ লগতে জিলা পৰিবহণ বিষয়া, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বিষয়া, সমজিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।