July 22, 2026 7:58 PM | Keshab Mahanta

printer

পূব যোৰহাটৰ ভোগদৈ নদীপাৰৰ বৰিগাঁৱৰ বানপ্ৰভাৱিত এলেকা পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি পূব যোৰহাটৰ ভোগদৈ নদীপাৰৰ বৰিগাঁৱৰ বানপ্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকৰ পৰিস্থিতিৰো বুজ লয়।

 শ্ৰীমহন্তই জাঁজী নৈৰ বাঢ়নি পানীয়ে চিঙি নিয়া টীয়ক ৰাজহ চক্ৰৰ বনাই ৰবি বৰুৱা গাওঁ সংযোগী মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, মৰিয়নি সমজিলা আয়ুক্ত, স্থানীয় ৰাজহ চক্ৰ বিষয়াকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।