September 14, 2026 12:25 PM

views 25

মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অষ্টমবাৰৰ বাবে ভাৰতীয় দলৰ খিতাপ দখল

ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৭২ ৰানত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি-২০ ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে ষষ্ঠবাৰৰ বাবে শ্রীলংকাক পৰাস্ত কৰিছে। ভাৰতে কালি প্ৰথমে বেট ধৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান সংগ্ৰহ কৰে। দলৰ হৈ শেফালী বাৰ্মাই ৬৮ আৰু স্মৃতি মন্ধানাই ৫৯ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৯ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ...

September 12, 2026 5:06 PM

views 19

কাইলৈ মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব

ডুবাইত কাইলৈ হ'বলগীয়া মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। যোৱা নিশা অনুষ্ঠিত ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে সাতবাৰৰ চেম্পিয়ন ভাৰতে গ্রুপ পৰ্যায়ৰ তিনিখন খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ পাছত ছেমিফাইনেলত বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰে। উল্লেখ্য যে, ২০২৪ চনৰ ফাইনেলত শ্রীলংকাই ভাৰতক পৰাস্ত কৰি নিজৰ প্ৰথমটো এছিয়া কাপ খিতাপ জয় কৰিছিল।

August 19, 2026 11:06 AM

views 45

গালে টেষ্ট ক্রিকেটত ভাৰতৰ আজি পঞ্চম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা

টেষ্ট ক্রিকেটত ভাৰতে আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পঞ্চম তথা অন্তিম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা জয়ৰ চেষ্টা চলাব। শ্রীলংকাক ৩৭২ ৰানৰ প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পিছত ভাৰতক খেলখন জয় কৰিবলৈ মাত্ৰ ৬টা উইকেটৰ প্ৰয়োজন। চাৰিটা উইকেটৰ বিনিময়ত ৮৪ ৰানত দ্বিতীয় ইনিংছ পুনৰ আৰম্ভ কৰিব আয়োজক দলটোৱে। ভাৰতৰ বলাৰসকলে আগতীয়াকৈ ষ্ট্রাইক কৰি শ্ৰীলংকাৰ ইনিংছ সামৰি লোৱাৰ চেষ্টা কৰিব। ইতিমধ্যে মানৱ সুথাৰে দুটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই এটাকৈ উইকেট দখল কৰিছ...

July 17, 2026 12:26 PM

views 40

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত ইংলেণ্ডৰ সমতা স্থাপন

ইংলেণ্ডে যোৱানিশা কার্ডিফৰ ছোফিয়া গার্ডেনছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে ৪৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৬৬ ৰান কৰে। বিৰাট কোহলিয়ে ৬৫ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্ছাৰ আৰু গছ এটকিংছে তিনিটাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে দুটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলণ্ডে ৪৫ অভাৰত ৬টা উইকেট হেৰুৱা...

July 16, 2026 12:18 PM

views 56

ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব

ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কার্ডিফৰ ছফিয়া গার্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৫ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বার্মিংহামৰ এজ্জবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক ৬ উইকেটত পৰাস্ত কৰিছিল। দেওবাৰে লণ্ডনৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল খেলৱো হব।

July 15, 2026 12:51 PM

views 35

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ইংলেণ্ডক ৬ উইকেটত পৰাস্ত

ভাৰতে যোৱানিশা বার্মিংহামৰ এজ্জবাষ্টনত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ঘৰুৱা দলটোৱে ৪৮ সংখ্যক অভাৰত ২৫৮ ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ইংলেণ্ডৰ জ' ৰুটে সৰ্বাধিক ৭৬ ৰান সংগ্ৰহ কৰি আউট নোহোৱাকৈ থকাৰ বিপৰীতে লিয়াম ডাউছনে ৬৮ ৰাণৰ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়ায়। ভাৰতৰ হৈ অক্ষৰ পেটেলে ৪টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৪৬ সংখ্যক অভাৰত ৪ উইকেটৰ বিনিময়ত সহজে বিজয় লক্ষ্য অতিক্ৰম ...

July 13, 2026 6:33 PM

views 44

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়ৰ বাবে ৪৫৭ ৰাণৰ লক্ষ্যৰে খেলি ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ ১৮৬ ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এমী জোনছে ৫৪ আৰু ছফী একলেষ্টনে ৫০ ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই চাৰিটা তথা ছায়ালি সাতঘেৰে, ক্ৰান্তি গৌড় আৰু দিপ্তী শৰ্মাই দুটাকৈ উইকেট ভগাই লয়। টেষ্টখনত দুয়োটা ইনিংছ মিলি সাতটা উইকেট দখল কৰা ক্ৰান্তি গৌড়ে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্ল...

July 11, 2026 6:51 PM

views 31

আজি সন্ধিয়া ৭ বজাত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি চাউথামটনৰ ইউটিলিটা বাওলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে ইতিমধ্যে তিনিখন খেলতে বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিছে।

July 3, 2026 12:08 PM

views 33

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইংলেণ্ডৰ ফাইনেলত প্ৰৱেশ

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আয়োজক ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক ৪০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। লণ্ডনৰ কেনিংটন অ'ভেলত অনুষ্ঠিত কালিৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত বিজয়েৰে দলটোৱে খিতাপ দখলৰ অন্তিম যুঁজত অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাটো নিশ্চিত কৰে। খেলখনত প্ৰথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰি ইংলেণ্ডে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে। নাট চিভাৰ-ব্রাণ্টে ৪৭টা বলত ৭৫ ৰানৰ বৰঙণি আগবঢ়ায় | প্ৰত্যুত্তৰত ১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অভাৰ...

June 15, 2026 12:00 PM

views 41

আই চি চি মহিলা টি-২০ বিশ্বকাপত পাকিস্তানক ৬৪ ৰানত পৰাস্ত ভাৰতৰ

♦ আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে যোৱা নিশা বার্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰে। পাকিস্তানে ১৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰানহে কৰিবলৈ সমর্থ হয়। দিপ্তী শর্মাই ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭০ ৰান সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৬৮ ৰান কৰে। দিপ্তী শৰ্মাক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। প্রতিযোগিতাৰ কালি আন এখ...