June 6, 2026 3:48 PM

views 30

ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ৪৪ অ’ভাৰত দুটা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰিছে

• চণ্ডিগড়ৰ মোল্লানপুৰৰ মহাৰাজা যাদৱীন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে ৪৪ অ’ভাৰত দুটা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰিছে। যশস্বী জয়ছোৱালে ৩২টা বলত ২৪ ৰান আৰু ছাই সূদৰ্শনে ১০৪টা বলত ৮১ ৰান কৰি আউট হয়। উল্লেখযোগ্য যে ২০১৮ চনৰ পাছৰ পৰা এয়া হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গীলে ভাৰতীয় দলটোক নেতৃত্ব দিছে। দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্...

January 24, 2026 9:20 PM

views 202

কাইলৈ গুৱাহাটীত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাটোৰ দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰে৷

January 24, 2026 12:21 PM

views 195

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ ৭ উইকেটত জয়লাভ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ৰ অগ্রগতি লাভ কৰিছে। ২০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাবতে ১৫ অভাৰ আৰু দুটা বলতে ৩টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। অধিনায়ক সূর্য কুমাৰ যাদরে ৩৭টা বলত ৮২ ৰান কৰি আউট নোহোৱাকৈ থাকে। ঈষাণ কিষাণেও ৩২টা বলত ৭৬ বান আৰু শিৱম ডুবেই ১৮টা বলত ৩৬ ৰানৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ মেট হেনৰি, জেকফ...

January 23, 2026 6:28 PM

views 104

ৰায়পুৰত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰত শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰত নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত সম্প্রতি ১-০৩ আগবাঢ়ি আছে।

January 22, 2026 11:27 AM

views 98

মহিলা প্রিমিয়াৰ লীগত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগীতাত আজি বদোদৰাৰ বিচিএ ষ্টেডিয়াম কোটাম্বিত এখন লীগ মেচত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ'ব। সন্ধিয়া ৭.৩০ বজাৰ পৰা খেলখন আৰম্ভ হোৱাৰ কথা। এইবাৰৰ মহিলা প্রিমিয়াৰ লীগ দুখন চহৰৰ ফৰ্মেটত অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনৰ নৱী মুম্বাই লীগ সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয়াৰ্ধৰ খেলসমূহ গুজৰাটলৈ স্থানান্তৰিত কৰা হৈছে।

January 22, 2026 11:24 AM

views 91

পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত

নাগপুৰৰ বিদর্ভা ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাত ভাৰতে ১-০ত অগ্রগতি লাভ কৰে। খেলখনত নিউজিলেণ্ডে নির্ধাৰিত বিশ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰে। ভাৰতে বিপক্ষ দলটোক ২৩৯ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। আলহী দলটোৰ হৈ গ্লেন ফিলিপছে ৪০টা বলত ৭৮ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক'ৰ কৰে৷ আয়োজক দলৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবেই এটাকৈ উইকেট দখল কৰাৰ বিপ...

January 21, 2026 12:24 PM

views 79

আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰৰ বিদৰ্ভ ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। সন্ধিয়া ৭ বজাত খেলখন আৰম্ভ হ'ব। অহা মাহত অনুষ্ঠিত হ'বলগীয়া আইচিচি পুৰুষ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ অংশ হিচাপে সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন মেন ইন ব্লুৰ বাবে এই শৃংখলা অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। ইপিনে, আলহী দলটোৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টি-২০ৰ প্ৰাকক্ষণত অধিনায়ক সূর্যকুমাৰে নিশ্চিত কৰিছে যে বিশ্বকাপৰ বাবে ঘোষণা কৰা দলত স্থান লাভ কৰা ঈশান কিষানেই ৩ নং ক্রমত বে...

January 19, 2026 12:11 PM

views 96

ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ড পুৰুষ ক্রিকেট দলৰ ২-১ৰ ব্যৱধানত এদিনীয়া শৃংখলা হস্তগত

ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ড পুৰুষ ক্রিকেট দলে ২-১ৰ ব্যৱধানত এদিনীয়া শৃংখলা হস্তগত কৰিছে। যোৱা নিশা ইন্দোৰত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন এদিনীয়াত আলহী দলটো ৪১ ৰাণত জয়ী হয়। কিৱি বাহিনীয়ে বান্ধি দিয়া ৩৩৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ৪৬ অভাৰত মাত্র ২৯৬ ৰাণহে কৰিবলৈ সমর্থ হয়। বিৰাট কোহলীয়ে শতকীয় ইনিংছেৰে শেষলৈ যুঁজ দিয়ে যদিও জয়ৰ বাবে সেয়া পর্যাপ্ত নাছিল। কোহলীয়ে ১২৪ ৰাণ কৰে। ইয়াৰ পূৰ্বে, প্রথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰা নিউজিলেণ্ডে নিৰ্ধাৰিত অ'ভাৰত ৮ টা উইকেট হেৰুৱাই ৩৩৮ ৰাণ সংগ্ৰহ কৰে। দুর্দান্ত প্ৰ...

January 18, 2026 12:25 PM

views 100

বিজয় মার্চেণ্ট ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ অসম

অসম আজি ৰাজকোটত হ'বলগীয়া ১৬ বছৰ অনুৰ্ধবৰ বিজয় মার্চেণ্ট ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমে কোৱাৰ্টাৰ ফাইনেলত পঞ্জাৱক ৩ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

January 16, 2026 12:45 PM

views 67

মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটৰ এখন খেলত ইউপি ৱাৰিয়ৰ্জৰ মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত

মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটৰ এখন খেলত যোৱা নিশা ইউপি ৱাৰিয়ৰ্জে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাজিত কৰিছে। প্রতিযোগিতাত এয়া ইউপি ৱাৰিয়ৰ্জৰ প্ৰথমটো জয়। নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প'র্টছ একাডেমীত অনুষ্ঠিত খেলখনত প্রথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত ১৬১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইউপি ৱাৰিয়ৰ্জে মাত্র ৩টা উইকেট হেৰুৱাই আৰু ১১টা বল বাকী থকা অৱস্থাত সহজেই বিজয়ক্ষ্য অনুসৰণ কৰে। মাত্র ৩৯টা বলত ৬৪ ৰান কৰি অপৰাজিত হৈ ৰোৱা ৱাৰিয়ৰ্জৰ হার্লিন দেঅ'ললৈ শ্রেষ্ঠ খে...