এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন

ভাৰতে এইবাৰৰ এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। ভাৰতৰ মহিলা ক্রিকেট দলে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্রীলংকাক ১৪৭ ৰানত পৰাভূত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক হস্তগত কৰে।

ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৭৯ ৰান কৰে। আৰ ঘোষে ৪৯ আৰু শ্বেফালী বাৰ্মাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়।

স্মৃতি মান্ধানাই এই খেলখনত আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ সুবাদত মহিলা আন্তর্জাতিক ক্ৰিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস ৰচনা কৰে। মান্ধানাই ভাৰতৰ মহিলা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ ১০ হাজাৰ ৮৬৮ ৰানৰ অভিলেখ ভংগ কৰে। প্ৰত্যুত্তৰত শ্রীলংকাই ১৫ অভাৰ আৰু ৪ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৬৯ ৰানহে কৰিবলৈ সমৰ্থ হয়।

ইফালে ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে কালি বাংলাদেশক ৩-০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে ভাৰতীয় মহিলা বেডমিণ্টন দলটো আজি কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

একেদৰে টেবল টেনিছত ভাৰতৰ মহিলা দলটোৱে প্রি কোৱাৰ্টাৰত থাইলেণ্ডক ৩-২ পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় দলটো উত্তৰ কোৰিয়াৰ মুখামুখি হ’ব।