December 10, 2025 12:09 PM

views 61

টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত ভাৰতৰ

■ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলতো কালি অদমনীয় প্ৰদৰ্শনেৰে উজ্জ্বলি উঠে। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্রণ মর্মে প্রথমে বেট ধৰা ভাৰতে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰান কৰে। হার্দিক পাণ্ডিয়াই ২৮টা বলত ৪টা ৬ আৰু ৬টা চাৰিৰ সহায়ত ৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। প্ৰত্যুত্তৰত আৰম্ভণিৰে পৰা উইকেট হেৰুৱাই বি...

December 6, 2025 6:09 PM

views 58

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি বিশাখাপট্টনমত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ২৭১ ৰাণৰ লক্ষ্য বান্ধি দিছে। দক্ষিণ আফ্রিকাই ৪৭ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে ১০৬ আৰু টেম্বা বাবুমাই ৪৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই ৪টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথম দুখন খেলত দুয়োট...

December 5, 2025 8:11 PM

views 50

কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ১ বাজি ৩০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত ১-১ৰ সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্রাণ চেষ্টা চলাব।

December 5, 2025 4:38 PM

views 60

কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ এক বাজি ৩০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত ১-১ৰ সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্রাণ চেষ্টা চলাব।

December 5, 2025 1:07 PM

views 53

উমৰাংছ’ত জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাচাওৰ উমৰাংছ'ত আজি অসম ক্রিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ষ্টেডিয়ামখন মুকলি কৰিব। সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। প্ৰায় ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা ষ্টেডিয়ামখনত পাঁচখন পিছ, এটা আধুনিক পেভেলিয়ন আৰু অন্যান্য উন্নত সুবিধাসমূহ খেলুৱৈসকলে লাভ কৰিব। এই ষ্টেডিয়ামে ক্ৰীড়াৰ ক্ষেত্ৰত জিলাখনক আগবঢ়াই নিয়াৰ লগতে পৰ্যটনৰ ক্...

December 4, 2025 12:00 PM

views 53

এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাৰ হাতত ভাৰত ৪ উইকেটত পৰাজিত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া ক্রিকেট শৃংখলাৰ কালি ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৪ উইকেটত পৰাজিত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩৫৮ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ঋতুৰাজ গাইকোৱাডে সর্বাধিক ১০৫ আৰু বিৰাটী কোহলীয়ে ১০২ ৰাণ কৰে। অধিনায়ক কে এল ৰাহুল ৬৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। দক্ষিণ আফ্রিকাৰ মার্কো জেনছেনে দুটা উইকেট লাভ কৰাৰ লগতে নান্দ্রে বাৰ্গাৰ আৰু লুংগী এনগিডিয়ে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্...

December 3, 2025 11:15 AM

views 66

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ১ বাজি ৩০ মিনিটত আৰম্ভ হ'ব। প্ৰথমখন এদিনীয়াত ভাৰতে ১৭ ৰানত বিজয় সাব্যস্ত কৰি শৃংখলাটোত সম্প্ৰতি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। খেলখনত প্ৰথমে বেট ধৰি বিৰাট কোহলিৰ অনবদ্য শতকৰ সহায়ত ভাৰতে ৮টা উইকেটৰ বিনিময়ত ৩৪৯ ৰান সংগ্ৰহ কৰিছিল। কুলদ্বীপ যাদৱে ৪টা উইকেট দখল কৰে। ৰাঁচীত অনুষ্ঠিত এই খেলতে ৰোহিত শৰ্মাই এদিনীয়া ক্রিকেটত শাহিদ আফ...

December 1, 2025 10:55 AM

views 60

ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত ভাৰতৰ

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই ৩৫০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩২ ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মেথিউ ব্ৰীটজকেই সর্বাধিক ৭২ ৰান কৰাৰ লগতে মার্কো জেনচনে ৭০ আৰু কৰ্বিন বচে ৬৭ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট লাভ কৰাৰ লগতে হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলীৰ ১৩৫ ৰানৰ সহায়ত নিৰ্ধাৰ...

November 29, 2025 10:31 PM

views 53

টি-২০ বিশ্বকাপত জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক ৰাষ্ট্ৰপতি মুৰ্মুৰ শুভেচ্ছা

■ ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি ৰাষ্ট্ৰপতিভৱনত দলটোৰ খেলুৱৈসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। সাক্ষাৎকালত দলটোৱে খেলুৱৈসকলৰ স্বাক্ষৰ সম্বলিত এখন বেট ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে খেলুৱৈসকলৰ এই সাফল্যই সকলোকে অনুপ্ৰাণিত কৰা বুলি মন্তব্য কৰি কয় যে এনে প্রদর্শনে উঠি অহা প্ৰজন্মক জীৱন আৰু জিৱিকাৰ দিশত উচ্চাকাংক্ষী হবলৈ উৎসাহিত কৰিব।

November 24, 2025 8:09 PM

views 58

বৰ্ষাপাৰাত দ্বিতীয় ক্রিকেট টেষ্টৰ তৃতীয় দিনত ভাৰতৰ ২০১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছৰ সামৰণি

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় ক্রিকেট টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে ২০১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি মাৰে। ইয়াৰ ফলত কালি এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ৯ ৰানৰ পৰা খেল আৰম্ভ কৰা ভাৰততকৈ আলহী দলটোৱে প্রথম ইনিংছত ২৮৮ ৰানৰ বৃহৎ ব্যৱধানেৰে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰে। সন্ধিয়া তৃতীয় দিনৰ সামৰণিলৈকে আলহী দল দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছৰ খেলত ২৬ ৰানত এটাও উইকেট নেহেৰুৱাকৈ সৰ্বমুঠ ৩১৪ ৰানৰ অগ্ৰগতি লাভ কৰে।