শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা তিনিখন দেশৰ এ দলৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত-আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। অহা ২১ জুনত শৃংখলাটোৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব। শৃংখলাটোৰ আটাইকেইখন খেলেই ডাম্বুলাত খেলোৱা হ’ব।
ভাৰতৰ পুৰুষৰ-এ দলটোৱে প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্রীলংকা-এ দলক ৮ ৰানত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৭৭ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ ঋতুৰাজ গাইকোৱাড়ে ১০১ আৰু অধিনায়ক তিলক বাৰ্মাই ৬০ ৰানৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ মহম্মদ ছিৰাজে দুটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে ৭টা বল বাকী থকা অৱস্থাতে ২৬৯ ৰানত আটাইকেইটা উইকেট হেৰুৱায়।
ভাৰতৰ আৰ্শ্বাদ খান, অনুকুল ৰয়, আয়ুষ বাডোনি আৰু বিপৰাজ নিগমে দুটাকৈ উইকেট দখল কৰে। উজ্জীৱিত প্ৰদৰ্শনেৰে অনবদ্য শতক অর্জন কৰা ভাৰতৰ ঋতুৰাজ গাইকোৱাড়ক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়৷