নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক ১ ইনিংছ আৰু ৩০০ ৰাণত পৰাস্ত

ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক এক ইনিংছ আৰু ৩০০ ৰাণত পৰাস্ত কৰে।

আফগানিস্তানে আজি তৃতীয় দিনাৰ খেলত নিজৰ দ্বিতীয় ইনিংছত ৩৫ অভাৰ আৰু ৫ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১২ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে ১৫২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইনিংছ সামৰিছিল।

ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত ৮ উইকেটৰ বিনিময়ত ৫৬৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গীলে ১২৬ ৰান কৰাৰ লগতে কে এল ৰাহুলে ১০০ ৰান কৰে। ঋষভ পন্ট আৰু সাই সুদৰ্শনে ৮১ ৰানকৈ বৰঙণি আগবঢ়ায়।

ৱাশ্বিংটন সুন্দৰ ৫২ ৰান কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ প্ৰথম ইনিংছত মানৱ সুথাৰে সৰ্বাধিক ৬টা উইকেট লোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত ৱাশ্বিংটন সুন্দৰে ৪টা উইকেট দখল কৰে।