চণ্ডিগড়ৰ মোল্লানপুৰৰ মহাৰাজা যাদৱীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত তিনিটা উইকেট হেৰুৱাই ৩৬৮ ৰান সংগ্ৰহ কৰে। অধিনায়ক শুভমন গীলে ১০৩ ৰান আৰু ঋষভ পণ্টে ৫০ ৰান সংগ্ৰহ কৰি খেলি আছে। কে এল ৰাহুলে ১০০ ৰান, সাই সূদৰ্শনে ৮১ ৰান আৰু যশস্বী জয়ছোৱালে ২৪ ৰানৰ বৰঙণি আগবঢ়ায়। উল্লেখযোগ্য যে ২০১৮ চনৰ পাছৰ পৰা এয়া হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্র টেষ্ট খেলখনৰ উপৰি তিনিখনীয়া এদিনীয়া শৃংখলাতো ভাগ ল’ব। খেলকেইখন ক্রমে অহা ১৩, ১৭ আৰু ২০ জুনত অনুষ্ঠিত হ’ব।
ইপিনে, বি চি চি আইয়ে ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলগীয়া টি টুৱেন্টি শৃংখলাৰ বাবে ভাৰতীয় দলৰ ঘোষণা কৰিছে। শ্রেয়াছ আয়াৰে ভাৰতীয় দলটোক নেতৃত্ব দিব। তিলক বার্মাক সহ অধিনায়ক হিচাপে বাছনি কৰাৰ লগতে আই পি এল ক্রিকেটত চমক সৃষ্টি কৰা বৈভৱ সূৰ্যবংশীক প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে।