ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্রথম দিনাৰ অন্তত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১১৩ ৰানৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ ৪৫১ ৰানত পিছপৰি আছে। দলৰ হৈ ৰহমত শ্বাহে কালি ৪৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মানৱ চুথাৰে ৩টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই দুটা উইকেট লাভ কৰে।
ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত ৮ উইকেটৰ বিনিময়ত ৫৬৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক সুভমন গীলে ১২৬ ৰান কৰাৰ লগতে কে এল ৰাহুলে ১০০ ৰান কৰে । ঋষভ পন্ট আৰু সাই সুদৰ্শনে ৮১ ৰানকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ ৫২ ৰান কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ চলিম ছাফিয়ে ৬টা উইকেট লাভ কৰে ।