• চণ্ডিগড়ৰ মোল্লানপুৰৰ মহাৰাজা যাদৱীন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে ৪৪ অ’ভাৰত দুটা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰিছে।
যশস্বী জয়ছোৱালে ৩২টা বলত ২৪ ৰান আৰু ছাই সূদৰ্শনে ১০৪টা বলত ৮১ ৰান কৰি আউট হয়। উল্লেখযোগ্য যে ২০১৮ চনৰ পাছৰ পৰা এয়া হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গীলে ভাৰতীয় দলটোক নেতৃত্ব দিছে।
দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্র টেষ্ট খেলখনৰ উপৰি তিনিখনীয়া এদিনীয়া শৃংখলাতো ভাগ ল’ব। খেলকেইখন অহা ১৩, ১৭ আৰু ২০ জুনত অনুষ্ঠিত হ’ব।