ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজি বৰ্ষাপাৰাত তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব। দিনৰ ২ বজাত খেলখন আৰম্ভ হ’ব। কালি দুয়োটা দলেই অনুশীলনত অংশগ্ৰহণ কৰে। তিৰুৱনন্তপুৰমত অনুষ্ঠিত তিনিখনীয়া মেচৰ প্ৰথমখন খেলত ভাৰতে ৮ উইকেটত জয়লাভ কৰাৰ পাছত আজি হ’বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। প্ৰথমখন এদিনীয়াত বিৰাট কোহলি আৰু শুভমন গিলৰ শতকেৰে বিজয়ী হৈ দলটো আত্মবিশ্বাসী হৈ আছে। একেদৰে প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ দলটোৱেও বর্ষাপাৰাৰ খেলখনত জয়লাভেৰে শৃংখলাটোত সমতা স্থাপনৰ বাবে অহোপুৰুষাৰ্থ কৰিব। এই খেলখনক লৈ গুৱাহাটীত ক্রিকেটপ্রেমীৰ মাজত আগ্রহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
খেলখনৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে গুৱাহাটীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম ক্রিকেট সন্থা আৰু যানবাহন আৰক্ষীয়ে কালি আয়োজন কৰা এখন সংবাদমেলৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিয়ে। সেই অনুসৰি আজি গুৱাহাটীৰ এ কে আজাদ ৰোড, এ কে দেৱ ৰোড আৰু বৰ্ষাপাৰাৰ মূল পথত বাণিজ্যিক বাহন আৰু ধীৰ গতিৰ বাহন চলাচল কৰিব নোৱাৰিব। কুল বসুমতাৰী পথটো ৱান-ৱে হিচাপে ঘোষণা কৰা হৈছে। ভি আই পি পাছ থকা যান-বাহনসমূহ এ কে আজাদ পথেৰে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব। আজি দুপৰীয়া ১২ বজাত দৰ্শকৰ বাবে খেলপথাৰৰ মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হ’ব বুলি অসম ক্রিকেট সন্থাই প্ৰকাশ কৰিছে।