June 8, 2026 7:08 PM

views 23

দৰং জিলাৰ স্নিগ্ধা ড্ৰাগছ ডিষ্ট্রিবিউটৰ নামৰ প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ

দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে আজি স্নিগ্ধা ড্ৰাগছ ডিষ্ট্রিবিউটৰ নামৰ এখন ঔষধ বিক্ৰী কৰা প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি প্ৰতিষ্ঠানখনৰ গৰাকী ধ্ৰুৱ সৰকাৰক আটক কৰে।

June 8, 2026 6:55 PM

views 29

নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক ১ ইনিংছ আৰু ৩০০ ৰাণত পৰাস্ত

ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক এক ইনিংছ আৰু ৩০০ ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনাৰ খেলত নিজৰ দ্বিতীয় ইনিংছত ৩৫ অভাৰ আৰু ৫ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১২ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে ১৫২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইনিংছ সামৰিছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত ৮ উইকেটৰ বিনিময়ত ৫৬৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গীলে ১২৬ ৰান কৰাৰ লগতে কে এল ৰাহুলে ১০০ ৰান কৰে। ঋষভ পন্ট আৰু সাই সুদৰ্শনে ৮...

June 8, 2026 6:57 PM

views 18

ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন

ভাৰতস্থিত ৰাষ্ট্রদূত হার্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্রদূত ডিডিয়েৰ ভাণ্ডাৰহেছেৰ্টৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্রিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্রতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ...

June 8, 2026 6:52 PM

views 21

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। [video width="720" height="1280" mp4="https://newsonair.gov.in/wp-content/uploads/2026/06/Laxmanacharya-Ghy.mp4"][/video] সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ ছহিদ শ্ৰদ্ধাঞ্চলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে ছহিদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে।  অনুষ্ঠানত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছগৰাকী বীৰ ছদিহৰ...

June 8, 2026 6:45 PM

views 23

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰুকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপীক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মান...

June 8, 2026 6:44 PM

views 16

ব্ৰিটিছ সংসদত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে

ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ ৬২ গৰাকী সদস্যৰ উপস্থিতিত দুঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ লগতে সত্ৰীয়া নৃত্য-গীতো পৰিৱেশন কৰা হ'ব।

June 8, 2026 6:29 PM

views 15

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শ‍ইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি ফাষ্টট্ৰেক আদালতত উপস্থিত হৈছে। বৰ্তমান আদালতত সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে। উল্লেখযোগ্য যে ফাষ্টট্রেক আদালতে যোৱা ২৬ মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধ...

June 8, 2026 6:43 PM

views 25

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি বিতৰণ কৰা হয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোক নিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় সৰকাৰক সামাজিক ন্যায় আৰু সৱলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উ...

June 8, 2026 6:22 PM

views 27

তৃণমূল কংগ্ৰেছৰ শক্তিশালী নেতা জাহাংগীৰ খানক গ্ৰেপ্তাৰ

তৃণমূল কংগ্ৰেছৰ শক্তিশালী নেতা জাহাংগীৰ খানক আজি পুৱা পশ্চিম বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নেপাল সীমান্তৰ ওচৰত তেওঁক আটক কৰা হয়। সীমান্ত পাৰ কৰিবলৈ চেষ্টা কৰা অৱস্থাতেই এছ টি এফে গোপন সূত্ৰৰ পম খেদি গৈ তেওঁক আটক কৰে। সম্প্রতি খানক অধিক সোধা-পোছাৰ বাবে কলকাতালৈ লৈ অহা হৈছে। উল্লেখযোগ্য যে যোৱা ২১ মে'ত অনুষ্ঠিত ফাল্টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ সময়ৰ ঘটনাক কেন্দ্ৰ কৰি খানক গ্ৰেপ্তাৰ কৰা হয়। এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বে জাহাংগীৰ খানে প্রার্থিত্ব প্ৰত্যাহাৰ কৰি এখন সংবাদ মেলত মুখ্যমন্ত্রী...

June 8, 2026 6:06 PM

views 17

ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰিছে

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰে আজি তেওঁ দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। শ্ৰী ৰয়ে ৰাজ্যসভাৰ সদস্যপদ ত্যাগ কৰাই নহয়, বৰং দলৰ প্রাথমিক সদস্য পদৰ পৰাও পদত্যাগৰ ঘোষণা কৰে।  সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত শ্ৰী ৰয়ে তৃণমূল কংগ্ৰেছ দলটো দুর্নীতি, মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কামকাজ কৰা, শিক্ষা, স্বাস্থ্য, উদ্যোগ, নিযুক্তি আৰু আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁ কয়, যে শেহতীয়াকৈ অনুষ্ঠিত পশ্চিমবংগৰ বিধানসভা নির্বাচনলৈ আঙুলিয়াই দি কয়, যে ব...