June 8, 2026 6:22 PM
12
অহা ২১ জুনত নীট অনুষ্ঠিত হ’বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে
অহা ২১ জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা, নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি ২১ জুনত দেশৰ ৫৫১ খন চহৰ আৰু বিদেশৰ ১৪খন চহৰত বিয়লি ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় প...