তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে।
শোণিতপুৰ জিলা প্রশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা প্রকাশ পাইছে।
তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰোপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তু প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্র প্রদর্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধন শৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা বুলি উদ্যোক্তাসকলে জনাইছে।
তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত ৫০ গৰাকীতকৈ অধিক প্রদর্শক, ৩০ গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা ২০ গৰাকী দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রেতাই অংশগ্রহণ কৰিছে।
শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয় আদিকে ধৰি ভালেসংখ্যক অনুষ্ঠান প্রতিষ্ঠানে এই উৎসৱত অংশগ্ৰহণ কৰিছে।