মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনর্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি প্রকাশ কৰিছে। মন্ত্রীসভাৰ বৈঠকৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰ্যালয় পর্যায়ৰ এটা প্রতিনিধি দল ৰাজ্যত উপস্থিত হৈছে।
ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয়-ক্ষতিৰ মূল্যায়নৰ লগতে প্রয়োজনীয় ব্যবস্থা গ্ৰহণৰ দায়িত্ব অর্পণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।