July 26, 2026 10:47 AM

views 21

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনর্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি প্রকাশ কৰিছে

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনর্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্রকাশ কৰিছে। মন্ত্রীসভাৰ বৈঠকৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰ্যালয় পর্যায়ৰ এটা প্রতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয়-ক্ষতিৰ মূল্যায়নৰ লগতে প্রয়োজনীয় ব্যবস্থা গ্ৰহণৰ দায়িত্ব অর্পণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

July 24, 2026 10:32 AM

views 26

ভৱিষ্যতে ডাৱৰ বিস্ফোৰণ বা অনুৰূপ বিপৰ্যয়ৰ পৰা ৰাজ্যৰ জনসাধাৰণক ৰক্ষা কৰাৰ বাবে শক্তিশালী সমন্বয় ব্যৱস্থা সন্দৰ্ভত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ আলোচনাৰ প্ৰস্তাৱ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ চিনিয়ৰ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্রশাসন তথা সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়া হৈছে। পাছত মুখ্যমন্ত্রীয়ে নুমলীগড় উচ্চতৰ...