মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়।
গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ চিনিয়ৰ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্রশাসন তথা সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়া হৈছে।
পাছত মুখ্যমন্ত্রীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্রয় গ্রহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়।
শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিটো ক্ষতিগ্রস্ত পৰিয়ালৰ বাবে সর্বাত্মক দীর্ঘকালীন পুনর্বাসন পেকেজ প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে।
তেওঁ কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে টেলিফোনযোগে কথা পাতি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈছে। বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু প্রয়োজনীয় সাহায্যৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্রালয়ৰ দল শীঘ্ৰেই ৰাজ্যলৈ আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
তেওঁ কয় যে পৰিস্থিতি শাম কাটিলে ভবিষ্যতে ডাৱৰ বিস্ফোৰণ বা অনুৰূপ বিপৰ্যয়ৰ বিৰূপ প্ৰভাৱৰ পৰা ৰাজ্যৰ জনসাধাৰণক ৰক্ষা কৰাৰ বাবে শক্তিশালী সমন্বয় ব্যবস্থা গঢ়ি তোলাৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।