চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত চি জে পিয়ে তেওঁলোকৰ আন্দোলন প্রত্যাহাৰ কৰিছেঃ কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা

চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত চি জে পিয়ে তেওঁলোকৰ আন্দোলন প্রত্যাহাৰ কৰিছে। কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু ড° জিতেন্দ্র সিঙে কালি নতুন দিল্লীত চি জে পি প্রতিনিধি দলৰ সৈতে তৃতীয় লানি আলোচনাত মিলিত হয়। বৈঠকত পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধৰ উপায় সম্পর্কে আলোচনা কৰা হয়।

আলোচনাৰ অন্তত চি জে পি প্রতিনিধি দলৰ সৈতে যুটীয়া সংবাদমেলত অংশগ্ৰহণ কৰি শ্রীনাড্ডাই কয়, যে বৈঠকত চৰকাৰে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ আৰু এজাহাৰ ৰুজু কৰা উচিত নহয় বুলি চি জে পিয়ে জনোৱা দাবী মানি লয়।

শ্রীনাড্ডাই কয়, যে চৰকাৰে লগতে ইতিমধ্যে যদি এজাহাৰ ৰুজু কৰা হৈছে তেন্তে সেই এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ আৰু এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰিবলৈও সন্মতি প্রকাশ কৰে।

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ পাছত আত্মহত্যা কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালবৰ্গলৈ ক্ষতিপূৰণ আগবঢ়োৱা সন্দৰ্ভত শ্রীনাড্ডাই কয়, যে চৰকাৰে যাৱতীয় নীতি-নিয়ম অনুযায়ী তেওঁলোকক সর্বাধিক ক্ষতিপূৰণ প্ৰদান কৰাটো সুনিশ্চিত কৰিব।

পৰীক্ষা প্ৰণালীৰ সংস্কাৰ সাধনৰ বাবে চি জে পিয়ে আগবঢ়োৱা ৫ দফীয়া ছনদ সন্দর্ভত শ্রীনাড্ডাই কয়, যে চৰকাৰে বিষয়টো গভীৰভাৱে বিবেচনা কৰিব আৰু চি জে পিৰ সৈতে আলোচনাৰ পাছত পৰৱৰ্তী ব্যৱস্থা গ্রহণ কৰিব।

চি জে পিৰ মুখ্য মুখপাত্র সৌৰভ দাসে সহমতত উপনীত হোৱা চৰ্তসমূহ নির্দিষ্ট সময়ত ৰূপায়ণ কৰা হ’ব বুলি আস্থা প্রকাশ কৰি সংবাদমেলত আন্দোলন প্রত্যাহাৰৰ কৰাৰ কথা ঘোষণা কৰে।