July 26, 2026 11:12 AM | assam cabinet

printer

আয়ুর্বেদিক স্বাস্থ্য সেৱা বিধি ২০২৬ত অসম মন্ত্ৰীসভাৰ অনুমোদন, আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ

ৰাজ্যিক মন্ত্রীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ ১০ লাখ টকা পর্যন্ত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ড০ শর্মাই কয় যে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নির্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্রামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিৰ্জাভ বেংকৰ নিয়ন্ত্রণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ১০ লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম শুল্ক ৰেহাই দিয়া হ’ব।

মন্ত্রীসভাই আয়ুর্বেদিক স্বাস্থ্য সেৱা বিধি ২০২৬ত অনুমোদন জনায়। এই বিধিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসম আয়ুর্বেদিক স্বাস্থ্য সেৱাত নিয়োজিত চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰা হ’ব।

 ড০ শৰ্মাই অহা অক্টোবৰৰ পৰা ২০২৭ চনৰ মাৰ্চলৈ মচুৰ দাইল আৰু চেনি ক্রয় ব্যৱস্থাত অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অব ইণ্ডিয়া লিমিটেডে বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহ্বান কৰি মচুৰ দাইল আৰু চেনি যোগানৰ মূল্য নির্ধাৰণ কৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ব বুলি প্রকাশ কৰে। এই আঁচনিখনৰ পৰিচালনাৰ বাবে প্রত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিযুক্ত কৰা হ’ব বুলি ড০ শর্মাই সংবাদ মেলত উল্লেখ কৰে।