ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা আৰম্ভ হ’ব

♦ ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰেই আৰম্ভ হ’ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কর্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শ‍ইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেন কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে।

মহাবিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে অচিৰেই আৰম্ভ হ’বলগীয়া এই সেৱা ডি এইছ এছ কে মহাবিদ্যালয় উপ-ডাকঘৰ নামে পৰিচিত হ’ব।

এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীকে ধৰি জনসাধাৰণে ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগটোৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে।