অহা ২১ জুনত নীট অনুষ্ঠিত হ’বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে

অহা ২১ জুনত হবলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা, নীট অনুষ্ঠিত হবলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি ২১ জুনত দেশৰ ৫৫১ খন চহৰ আৰু বিদেশৰ ১৪খন চহৰত বিয়লি ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হব।

পৰীক্ষা হবলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে।

উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট-ইউজি যোৱা ৩ মেত অনুষ্ঠিত হৈছিল যদিও প্রশ্নকাকত ফাদিলৰ অভিযোগত ১২ মেত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে।