প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত বৰ্তমানলৈ ৪ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত বৰ্তমানলৈ ৪ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্রী মনোহৰ লালে কয়, যে শৌচাগাৰ, ৰন্ধন গেছ আৰু পানীৰ নল সংযোগেৰে তথা সকলো আধুনিক সা-সুবিধাৰে প্রধানমন্ত্রী আবাস যোজনা আঁচনি ৰূপায়ণ কৰা হৈছে।

এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, যে এই সফলতাই দেশৰ গৃহ খণ্ডৰ সংস্কাৰৰ ৰূপ প্ৰতিফলিত কৰিছে। ইয়াৰ জৰিয়তে দেশৰ কোটি কোটি জনসাধাৰণৰ মুখত সন্মান, নিৰাপত্তা আৰু আশাৰ ভাব ফুটি উঠিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ১২ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত সৰ্বাত্মক উন্নয়ন সম্ভৱ হৈছে।

দেশত দুখীয়া শ্ৰেণীৰ কল্যাণ কাৰ্যসূচীৰ বাবে যি আৰ্হি প্ৰস্তুত কৰা হৈছে সেয়া সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাদায়ক হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।