আঞ্চলিক সংবাদ

September 17, 2026 11:47 AM

views 21

এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন

ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্রতীক্ষিত বগীবিল দলং মুকলিৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে...

September 17, 2026 11:36 AM

views 37

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰেপৰা সেৱা সমৰ্পন মাহৰ কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰেপৰা সেৱা সমৰ্পন মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্রান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্ব...

September 16, 2026 8:44 PM

views 19

১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সম্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুবিন...

September 16, 2026 8:09 PM

views 13

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো বিশ্ব অজন দিৱস পালন

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি বিশ্ব অজন দিৱস পালন কৰা হয়। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে- 'শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যবস্থা'। ৰাজ্যৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তথা অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজৰ উদ্যোগত খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশ্ব অজন দিৱসৰ ৰাজ্...

September 16, 2026 7:59 PM

views 32

নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰূপে ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কাইলৈৰ পৰা সেৱা সমর্পন মাহ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা একেৰাহে মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা ১৭ অক্টোবৰলৈ সেৱা সমর্পন মাহৰ আয়োজন কৰা হৈছে। এই সময়ছোৱাত কুইজ, আবৃত্তি প্রতিযোগিতাকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ'ব। প্রধানমন্ত্রী মো...

September 16, 2026 7:48 PM

views 13

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিনা সমষ্টিটোৰ বিজেপি প্রার্থী দেৱাশীষ শর্মা, কংগ্রেছ প্রার্থী, প্রাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্র দাখিল কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বাতৰি যুগুতোৱাৰ পৰলৈ মুঠ ১৩ গৰাকী প্রার...

September 16, 2026 1:07 PM

views 10

চৰাইদেউ আৰু শিৱসাগৰ জিলাত পৰহিলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ

চৰাইদেউ আৰু শিৱসাগৰ জিলাত পৰহিলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ...

September 16, 2026 1:06 PM

views 12

দীপজ্যোতি পাটগিৰিৰ নাছাৰ অধীনস্থ গ’ডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত প’ষ্ট ডক্টৰেল গৱেষক হিচাপে গৱেষণাৰ সুযোগ লাভ

বজালী জিলাৰ পাঠশালাৰ জ্যোতিনগৰৰ দীপজ্যোতি পাটগিৰিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা- নাছাৰ অধীনস্থ গ’ডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত প'ষ্ট ডক্টৰেল গৱেষক হিচাপে গৱেষণাৰ সুযোগ লাভ কৰিছে। ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাটগিৰি আৰু শিক্ষয়িত্ৰী ৰমনী পাটগিৰিৰ পুত্ৰ দীপজ্যোতিয়ে বজ...

September 16, 2026 1:03 PM

views 9

মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত ৰক্ষা নিখিল খাড়ছেৰ গুৰুত্ব আৰোপ

মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাড়ছেই গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যখনত কৃষি উৎপাদন বৃদ্ধি আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহে বহিঃৰাজ্যত বজাৰ লাভ কৰিব পৰাকৈ জৈৱিক খেতিৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কালি আইজলত...

September 16, 2026 1:01 PM

views 13

ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্রবাসী অসমীয়াৰ সাক্ষ্যগ্রহণ অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্যগ্রহণ অব্যাহত আছে। সাক্ষ্য প্ৰদানৰ বাবে আজি প্রবাসী অসমীয়া দেৱজিৎ হাজৰিকা ইতিমধ্যে আদালতত হাজিৰ হৈছে। আদালতৰ মজিয়াত হাজৰিকাৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।