বজালী জিলাৰ পাঠশালাৰ জ্যোতিনগৰৰ দীপজ্যোতি পাটগিৰিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা- নাছাৰ অধীনস্থ গ’ডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত প’ষ্ট ডক্টৰেল গৱেষক হিচাপে গৱেষণাৰ সুযোগ লাভ কৰিছে। ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাটগিৰি আৰু শিক্ষয়িত্ৰী ৰমনী পাটগিৰিৰ পুত্ৰ দীপজ্যোতিয়ে বজালীত একাদশ শ্ৰেণীলৈকে শিক্ষাগ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ আই আই টি ৰুড়কিত গৱেষণাৰ কাম সম্পন্ন কৰে। নাছাৰ অধীনত এই সুযোগ লাভ কৰা দীপজ্যোতিৰ সাফল্যই বজালীবাসীক উৎসাহিত কৰিছে।
Assamese | September 16, 2026 1:06 PM | Dipjyoti
দীপজ্যোতি পাটগিৰিৰ নাছাৰ অধীনস্থ গ’ডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত প’ষ্ট ডক্টৰেল গৱেষক হিচাপে গৱেষণাৰ সুযোগ লাভ