বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি বিশ্ব অজন দিৱস পালন কৰা হয়। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে- ‘শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যবস্থা’।
ৰাজ্যৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তথা অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজৰ উদ্যোগত খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশ্ব অজন দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বন আৰু পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অসম শীতলীকৰণ কাৰ্যপন্থা, উন্মোচন কৰে। World Resources Institute Indiaৰ কাৰিকৰী সহযোগিতাত প্ৰস্তুত কৰা এই কাৰ্যপন্থাই ভবন, উদ্যোগ, শীতলীকৰণ শৃংখল আৰু পৰিবহন খণ্ডত বহনক্ষম তথা কম খৰছী শীতলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
অনুষ্ঠানত ভাষণ দি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে উন্নয়নৰ সমান্তৰালভাৱে উদ্যোগীকৰণৰো প্ৰয়োজন আছে। কিন্তু উন্নয়নৰ লগে লগে ভবিষ্যত প্রজন্ম সুৰক্ষিত কৰি ৰাখিব পৰা বহনক্ষম বিকাশ আৰু পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। উন্নয়ন আৰু ঔদ্যোগীকৰণৰ সমান্তৰালকৈ পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত জৰুৰী বুলি প্ৰকাশ কৰি শ্ৰীমপ্লবৰুৱাই বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত পৰিবেশৰ ওপৰত চাপ হ্ৰাস কৰি আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰে। জলবায়ু পৰিবৰ্তন, কোনো এটা বিভাগ বা অঞ্চলৰ মাজত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, গবেষণা প্রতিষ্ঠান, বিশেষজ্ঞ, স্বেচ্ছাসেবী সংগঠন তথা নাগৰিকৰ সমন্বিত অংশগ্রহণেৰে জলবায়ু কাৰ্যসূচীত গণ আন্দোলনৰ ৰূপ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।