নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিনা সমষ্টিটোৰ বিজেপি প্রার্থী দেৱাশীষ শর্মা, কংগ্রেছ প্রার্থী, প্রাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্র দাখিল কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বাতৰি যুগুতোৱাৰ পৰলৈ মুঠ ১৩ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। অন্যান্য প্রার্থীসকলৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ আব্দুল চালাম, আৰ চি পি আই আৰ ভিৰ ইনামুল হুদা, নৱৰং কংগ্ৰেছ পার্টীৰ শ্বেখ কৰিমুল্লা, নির্দলীয় প্রার্থী ক্রমে ফারুক খান, মনিরুল হুছেইন, মুস্তাকিম আলম, চাবিনা য়াছমিন, চাইফুৰ ৰহমান, নজৰুল ইছলাম আৰু প্ৰণৱ কৌশিক আছে।
প্রার্থীসকলে দলীয় নেতা-কর্মীসকলক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্রার্থী দেবাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্র দাখিল পর্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্রী পীযুষ হাজৰিকাকে ধৰি শীর্ষ নেতৃবর্গই অংশগ্ৰহণ কৰে।
কংগ্ৰেছ প্রার্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পর্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীর্ষ নেতা উপস্থিত থাকে।
এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও আজি মনোনয়ন পত্র দাখিল কৰে। তেওঁ ধিং গে’টত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমর্থক আৰু কৰ্মকর্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বচিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক-প্রাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্র দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰৰ্মান আলি আহমেদ উপস্থিত থাকে।
উল্লেখযোগ্য যে, অহা ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত হ’ব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।