ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্রতীক্ষিত বগীবিল দলং মুকলিৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থ-সামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা হৈছে। ২০১৮ চনৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজি জিলাৰ কাৰেংচাপৰি আৰু বগীবিলক সংযোগ কৰি নিৰ্মাণ কৰা দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। ৪ দশমিক ৯ – ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুখলপীয়া ৰে’ল আৰু পথ দলং হিচাপে পৰিচিত বগীবিলে দেশৰ দীৰ্ঘতম দলং হিচাপে স্বীকৃতি লাভ কৰিছে। ১৯৮৫ চনৰ অসম চুক্তিৰ দাবী অনুসৰি ১৯৯৭ চনৰ ২২ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্রী এইচ ডি দেৱেগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। এই দলং উদ্বোধনে কি ধৰণে আৰ্থ-সামাজিক, ঔদ্যোগিক আৰু শৈক্ষিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে।
Assamese | September 17, 2026 11:47 AM | BJP
এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন