উত্তৰ-পূৰ্বাঞ্চল

September 6, 2026 11:01 AM

views 1

চাৰিদিনীয়া ভ্রমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্রদেশলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ  অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্রদেশলৈ চাৰিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে। ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্রতিষ্ঠানো পৰিদৰ্শন কৰিব। ভ্ৰমণ...

September 4, 2026 8:07 PM

views 4

নাৰ্কটিক কন্ট্রোল ব্যুৰোৰ আগৰতলা শাখাৰ মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত প্রায় ১৭ কোটি ৮৪ লাখ টকাৰ ২২ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ

উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলা অভিযানৰ অংশ হিচাপে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্রক সংস্থা অর্থাৎ নাৰ্কটিক কন্ট্রোল ব্যুৰোৰ আগৰতলা শাখাই মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত প্রায় ১৭ কোটি ৮৪ লাখ টকাৰ ২২ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ কৰে। এই ঘটনাত ম্যানমাৰৰ এজন নাগৰিককে ধৰি ৪ ...

August 11, 2026 12:04 PM

views 14

‘আজাদী কা অমৃত মহোৎসৱ’ৰ উদযাপনৰ অংশ হিচাপে নাগালেণ্ডৰ ক’হিমাতো “হৰ ঘৰ তিৰংগা” প্রদর্শনী অনুষ্ঠিত

দেশজুৰি চলি থকা 'আজাদী কা অমৃত মহোৎসৱ'ৰ উদযাপনৰ অংশ হিচাপে কালিৰে পৰা নাগালেণ্ডৰ ক'হিমাতো "হৰ ঘৰ তিৰংগা" প্রদর্শনী অনুষ্ঠিত হৈছে। কলা আৰু সংস্কৃতি বিভাগ তথা গৃহ বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই বিশেষ প্রদর্শনীখন নাগালেণ্ড অসামৰিক সচিবালয়ৰ এক নম্বৰ গেটত অনুষ্ঠিত হৈছে৷ দেশৰ চহকী ঐতিহাসিক ঐতিহ্য প্ৰদৰ্শন...

August 8, 2026 9:53 PM

views 21

পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চল অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ সবিতা দাসৰ পৰিদৰ্শন

পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চল আজি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ সবিতা দাসে পৰিদৰ্শন কৰে। জিলাখনৰ অসম-মেঘালয় সীমান্তৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰাৰ লগতে তেওঁ বিশেষকৈ মকৈইলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত সোমটন গাঁৱৰ স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে।  এই সময়ছোৱাত অতিৰিক্ত আ...

August 8, 2026 7:57 PM

views 14

মঙলদৈত বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবড়াৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিস্থিতিৰ বুজ লয়। যোৱা ৫ আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰিৰ মেৰামতি অব্যাহত ৰাখিছে।...

August 8, 2026 7:54 PM

views 17

ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ ধান ক্রয় কেন্দ্ৰ পৰিদৰ্শনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰেমিয়া গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ গুদাম ঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়।  মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা ১০ আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনিৰ পৰ্...

August 8, 2026 7:48 PM

views 29

কাজিৰঙাত আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্পৰ কামকাজ পৰিদৰ্শন বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বজুৰি গাঁৱত অৱস্থিত বন্যপ্রাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত ...

August 7, 2026 10:35 AM

views 22

বানত ক্ষতিগ্রস্ত চেলেংহাট-আমগুৰি-শিমলুগুৰি-শিৱসাগৰ টাউন ৰেলপথ সম্পূৰ্ণৰূপে কাৰ্যক্ষম

বানত ক্ষতিগ্রস্ত চেলেংহাট-আমগুৰি-শিমলুগুৰি-শিৱসাগৰ টাউন ৰেলপথটো কালিৰেপৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।  ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী-ডিব্ৰুগড় অভিমুখী প্ৰত্যক্ষ ৰে'লসেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰে'লপথটো পুনৰ মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হি...

August 7, 2026 10:30 AM

views 38

অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ১২ আগষ্টপর্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১২ আগষ্ট পর্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু ১২ আগষ্টত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।  ৰাজ্য দুখনত কাইলৈ আৰু ১১ আগষ্টত দুই-এজাক বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভ...

August 7, 2026 10:01 AM

views 23

অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক

অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পোৱাৰ লগতে ১৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে।  ৪৮১ খন গাঁৱৰ ...