উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ নিউ হাৰাংগাজাও ষ্টেচনৰ এক আৰু দুই নম্বৰ ৰে’ল লাইনেৰে চলাচল বাতিল কৰাৰ ফলত লামডিং-বদৰপুৰ পাহাৰীয়া অংশত ৰে’লসেৱা ব্যাহত হৈ পৰিছে।
বিভাগীয় সূত্রই জাৰি কৰা জাননী অনুসৰি বৰ্তমান কেৱল ৩ নম্বৰ লাইনেৰে বিয়লি ৭ বজাৰ পৰা পুৱা ৫ বজালৈ ৰে’ল চলাচল অব্যাহত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-দুল্লবচেৰা এক্সপ্ৰেছ আৰু গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৰ ৰে’লসেৱা নির্দিষ্ট দিনকেইটাত বাতিল কৰা হৈছে।
তদুপৰি আগৰতলা, শিলচৰ, চাংগলদান, ৰঙিয়া, নতুন দিল্লী আৰু ৰাণী কমলাপতিলৈ যোৱা আন কেইবাখনো ৰে’লৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে লামডিং সংমণ্ডলেৰে চলাচলৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ৰে’লৰ শেহতীয়া স্থিতি পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে।
তদুপৰি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰি অতি শীঘ্ৰে স্বাভাৱিক ৰে’ল চলাচল পুনৰ আৰম্ভ কৰিবলৈ মেৰামতিৰ কাম অব্যাহত আছে বুলি প্রকাশ কৰিছে।