নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্রমশঃ বৃদ্ধি পাইছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রকল্পটোত বৃহস্পতিবাৰে পুৱা জলপৃষ্ঠ ৩২১ মিটাৰত উপনীত হৈছে। প্রকল্পটোৰ তিনিওটা গোট সক্রিয় হৈ আছে আৰু প্রতি ছেকেণ্ডত প্রায় ১১৪.৮৫ ঘনমিটাৰ পানী বাহিৰলৈ নিৰ্গত কৰা হৈছে।
ইপিনে অধিক পানী নির্গত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্রশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ নামনি অঞ্চলৰ লোকক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক নদীৰ পাৰ আৰু বানপ্রবণ অঞ্চললৈ নাযাবলৈ আৰু কোনোধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনোৱা হৈছে।
যিকোনো জৰুৰীকালীন পৰিস্থিতিত জনসাধাৰণক ১০৭৭ অথবা ৯৩৯৪৯-৮৫৪২১ নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।