July 27, 2026 11:25 AM

views 27

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গে’ট খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি

কেন্দ্রীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ চাৰিওখন গে'ট ২৩ জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্রকল্পটোৰ চাৰিওখন গে'টেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত চাৰিওটা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ পৰা আৰু ১.৬০ মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে।

July 23, 2026 12:09 PM

views 27

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্রমশঃ বৃদ্ধি

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্রমশঃ বৃদ্ধি পাইছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রকল্পটোত বৃহস্পতিবাৰে পুৱা জলপৃষ্ঠ ৩২১ মিটাৰত উপনীত হৈছে। প্রকল্পটোৰ তিনিওটা গোট সক্রিয় হৈ আছে আৰু প্রতি ছেকেণ্ডত প্রায় ১১৪.৮৫ ঘনমিটাৰ পানী বাহিৰলৈ নিৰ্গত কৰা হৈছে। ইপিনে অধিক পানী নির্গত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্রশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ নামনি অঞ্চলৰ লোকক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক নদীৰ পাৰ আৰু বানপ্রবণ অঞ্চললৈ নাযাবলৈ আৰু কোনোধৰণৰ উৰা বাতৰিত বিশ্ব...