নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গে’ট খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি

কেন্দ্রীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ চাৰিওখন গে’ট ২৩ জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্রকল্পটোৰ চাৰিওখন গে’টেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে।

অনাগত চাৰিওটা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ পৰা আৰু ১.৬০ মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে।