July 27, 2026 11:48 AM | NAGALAND LANDSLIDE

printer

ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলক হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাট-পথসমুহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ ৪২ জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে যোৱা ২৩ আৰু ২৪ জুলাইত বায়ুসেনাই ১৪৮ জন লোকক উদ্ধাৰ কৰিছিল।