July 27, 2026 11:48 AM

views 16

ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলক হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাট-পথসমুহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ ৪২ জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে যোৱা ২৩ আৰু ২৪ জুলাইত বায়ুসেনাই ১৪৮ জন লোকক উদ্ধাৰ কৰিছিল।

July 20, 2026 10:43 AM

views 28

নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত ৯জন লোকৰ মৃত্যু

নাগালেণ্ডত প্ৰবল বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত বহু ধন-জন হানি হৈছে। মন জিলাত বান আৰু ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু হোৱাৰ উপৰি বহু বাসগৃহ ধ্বংস হয়।  ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া জ’নী ৰোৱাংমেই আকাশবাণীৰ বাতৰি বিভাগক জনোৱা মতে তিনিগৰাকী মহিলা আৰু এজন পুৰুষকে ধৰি চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আন পাঁচজনৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। নাগিনীমৰা অঞ্চলত ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰা চাৰিজন লোকক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰা হয় বুলি বিষয...