July 20, 2026 10:43 AM | NAGALAND LANDSLIDE

printer

নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত ৯জন লোকৰ মৃত্যু

নাগালেণ্ডত প্ৰবল বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত বহু ধন-জন হানি হৈছে। মন জিলাত বান আৰু ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু হোৱাৰ উপৰি বহু বাসগৃহ ধ্বংস হয়। 

ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া জ’নী ৰোৱাংমেই আকাশবাণীৰ বাতৰি বিভাগক জনোৱা মতে তিনিগৰাকী মহিলা আৰু এজন পুৰুষকে ধৰি চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আন পাঁচজনৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। নাগিনীমৰা অঞ্চলত ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰা চাৰিজন লোকক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰা হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

 উল্লেখযোগ্য যে মন জিলাৰ ১০টা অঞ্চলত ভূমিস্খলনৰ ফলত গৃহ, পথ আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। বহু অঞ্চল বানত বুৰ যোৱাৰ লগতে মূল পথসমূহ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই বান আৰু ভূমিস্খলনত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয়, যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সাহায্য আৰু উদ্ধাৰ অভিযান অবিৰতভাৱে চলাই আছে। তেওঁ লগতে নিহতসকলৰ নিকটত্মায়ীলৈ ৪ লাখ টকা আৰু আহতসকললৈ ৭৪ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। 

ৱ’খা আৰু মুককচুং জিলাতো ভূমিস্খলনৰ বাতৰি পোৱা গৈছে। চুমকিডিমা জিলাত নৈ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়ত কালি এজন ৫৭ বছৰীয়া লোকক পানীয়ে উটুৱাই লৈ যায়। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনৰ সকলো জিলাতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।