ছিকিমৰ এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নির্মীয়মান সুৰংগত আৱদ্ধ ২২টা মৃতদেহ উদ্ধাৰ

ছিকিমৰ নামছি জিলাৰ চামৰডোঙত এন এইছ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নির্মীয়মান সুৰংগত ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰা লোকসকলৰ ২২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত লোকসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

যোৱানিশা আছানচ’লৰ ইষ্টার্ণ ক’ল্ড ফিল্ড লিমিটেডৰ দ্বিতীয়টো উদ্ধাৰকাৰী দলে সুৰংগটোত অভিযান চলায়। অভিযানকাৰী দলে সুৰংগটোত আবদ্ধ আটাইকেইজন লোকক উদ্ধাৰৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্রকাশ কৰা মতে, প্রতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। সুৰংগটোৰ ভিতৰত দৃশ্যমানতা কম হোৱা আৰু মিথেন গেছ নির্গত হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযান অব্যাহত ৰখাটো জটিল হৈ পৰে। কালি এন ডি আৰ এফ, এছ ডি আৰ এফ, ছিকিম আৰক্ষী আৰু খনন বিশেষজ্ঞৰ দলে সুৰংগটোৰ পৰা পাম্পৰ সহায়ত পানী উলিয়ায়।

সুৰংগটোৰ ভিতৰত কমেও ২৫ জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে, সোমবাৰে ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। ছিকিম চৰকাৰ আৰু জিলা প্রশাসনে সকলো সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজনীয় সাহায্য আগবঢ়াইছে।