July 23, 2026 11:53 AM

views 4

ছিকিমৰ এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নির্মীয়মান সুৰংগত আৱদ্ধ ২২টা মৃতদেহ উদ্ধাৰ

ছিকিমৰ নামছি জিলাৰ চামৰডোঙত এন এইছ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নির্মীয়মান সুৰংগত ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰা লোকসকলৰ ২২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত লোকসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৱানিশা আছানচ'লৰ ইষ্টার্ণ ক'ল্ড ফিল্ড লিমিটেডৰ দ্বিতীয়টো উদ্ধাৰকাৰী দলে সুৰংগটোত অভিযান চলায়। অভিযানকাৰী দলে সুৰংগটোত আবদ্ধ আটাইকেইজন লোকক উদ্ধাৰৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্রকাশ কৰা মতে, প্রতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন...