কমনৱেল্থ গেমছ ২০২৬ত মীৰাবাঈ চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ

গ্লাছগ’ত চলি থকা কমনৱেল্থ গেমছ ২০২৬ত মীৰাবাঈ চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ ৪৮ কিলোগ্রাম শাখাত মুঠ ১৯০ কিলোগ্রাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে।

৩১ বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত ৮৫ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১০৫ কিলোগ্রাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমর্থ হয়। এই জয়ৰ সুবাদত চানুৱে ২০১৮ আৰু ২০২২ চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেল্থ গেমছত সোণৰ পদক লাভ কৰে।

ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। চনামবাম ঋষিকান্ত সিঙে পুৰুষৰ ৬০ কিলোগ্রাম শাখাত মুঠ ২৬৪ কিলোগ্রাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডীয়ে ৬৫ কিলোগ্রাম শাখাত মুঠ ২৮৬ কিলোগ্রাম ভাৰ তুলি ৰূপৰ পদক অর্জন কৰে। এই শিতানত মালয়েছিয়াৰ মুহম্মদ অজনীল বিন বিদিনে সোণৰ পদক লাভ কৰে।

বক্সিঙতো ভাৰতে অগ্রগতি লাভ কৰিছে। যদুমণি সিঙে পুৰুষৰ ৫৫ কিলোগ্রাম শাখাত পাকিস্তানৰ সুমামা ৰহমানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মহিলাৰ ৫৪ কিলোগ্রাম শাখাত প্রীতি পাৱাৰে মালয়েছিয়াৰ ডেব’ৰা এম টেন্‌জিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

কমনৱেল্থ গেমছ ২০২৬ ভাৰতে বৰ্তমানলৈ এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ চাৰিটা পদক লাভ কৰিছে। প্রতিযোগিতাৰ প্ৰথম দিনাই পেৰা ভাৰোত্তোলক ঝণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ তালিকা মুকলি কৰিছিল।