July 27, 2026 10:03 AM

views 34

কমনৱেল্থ গেমছ ২০২৬ত মীৰাবাঈ চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ

গ্লাছগ'ত চলি থকা কমনৱেল্থ গেমছ ২০২৬ত মীৰাবাঈ চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ ৪৮ কিলোগ্রাম শাখাত মুঠ ১৯০ কিলোগ্রাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। ৩১ বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত ৮৫ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১০৫ কিলোগ্রাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমর্থ হয়। এই জয়ৰ সুবাদত চানুৱে ২০১৮ আৰু ২০২২ চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেল্থ গেমছত সোণৰ পদক লাভ কৰে। ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। চনামবাম ঋষিকান্ত সিঙে পুৰুষৰ ৬০ কিলোগ্রাম শাখ...