July 27, 2026 10:39 AM | APDCL

printer

APDCL-এ ৰাজ্যখনত সকলো পৰিস্থিতিতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে

সাম্প্রতিক বানত ক্ষতিগ্রস্ত অঞ্চলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড- APDCL-এ ৰাজ্যখনত সকলো পৰিস্থিতিতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধুবুৰী, বঙাইগাঁৱকে ধৰি কেইবাখনো জিলাত দেখা দিয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত APDCL-এনে প্রচেষ্টা গ্রহণ কৰিছে।

উল্লেখযোগ্য যে বান পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ সময়ত ৰাইজৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি সতর্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান বন্ধ ৰখা হৈছে।

পানীৰ স্তৰ হ্রাস পোৱাৰ পাছতে কাৰিকৰী বিশেষজ্ঞৰ দলে বৈদ্যুতিক ব্যৱস্থাৰ বিস্তৃত পৰিদৰ্শন আৰু সুৰক্ষা নিশ্চিত কৰি সংশ্লিষ্ট অঞ্চলসমূহলৈ পুনৰ বিদ্যুৎ যোগান ধৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিদ্যুৎ যোদ্ধাসকলৰ এই অবিৰত সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।