July 21, 2026 12:36 PM | flood in assam

printer

ৰাজ্যৰ সাম্প্ৰতিক বানত ১৬খন জিলাৰ ৭৯৪খন গাঁও জলমগ্ন; ১০জনৰ প্ৰাণ হানি

ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ১৬ খন জিলাৰ তিনি লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে।

 অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে।

 শেহতীয়া বানত ৪৫ টা ৰাজহ চক্ৰৰ ৭৯৪ খন গাঁৱৰ ১৯ হাজাৰ ৯৯ হেক্টৰ কৃষি ভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত চাৰিজন লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰতো এজন লোকে বানত প্ৰাণ হেৰুৱাইছে।

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফ্ৰাই আৰু দৰিকা নদীৰ বাঢ়নি পানীয়ে সোণাৰী নগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ-বাৰী পানীৰ তলত বুৰ গৈছে। 

বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনা বাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্রশাসনসমূহে ১০১ টা আশ্রয় শিবিৰ মুকলি কৰি ক্ষতিগ্রস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত ৯ হাজাৰ ৬০৬ জন লোকে আশ্রয় লৈ আছে। বিভিন্ন অঞ্চলত এছ ডি আৰ এফ আৰু এন ডি আৰ এফে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। 

নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ দিজুৰ বাঢ়নি পানীয়ে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও ৭৩২ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। এছ ডি আৰ এফ আৰু অগ্নি নির্বাপন তথা জৰুৰীকালীন সেৱাৰ তৰফৰ পৰা আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে। জিলা আয়ুক্তই উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। 

যোৰহাট জিলাৰ টীয়ক নগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰকাৰ্যত আত্মনিয়োগ কৰিছে। মন্ত্ৰী মহন্তই টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত মুদৈজান বাদুলীপুখুৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কালি টীয়ক-শ’লমাৰা অঞ্চলৰ এলেংমৰা ভোগদৈ নৈৰ মথাউৰিৰ ভগা অংশও পৰিদৰ্শন কৰে। একেদৰে জাঁজী নৈৰ বানত ক্ষতিগ্রস্ত লোকসকলৰো তেওঁ অৱস্থাৰ বুজ লয়। 

উল্লেখযোগ্য যে টীয়কত কালি বাঢ়নি পানীত পৰি অৰ্জুন কৰ্মকাৰ নামৰ এজন লোকৰ মৃত্যু হয়। একেদৰে তিতাবৰৰ পাণবাৰীৰ বনৌষধি উদ্যানৰ সমীপৰ নৈজান নৈৰ বাঢ়নি পানীত বুৰ গৈ কালি দুগৰাকী কিশোৰীৰ মৃত্যু হয়। মন্ত্ৰী অজন্তা নেওগেও কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীর্ণ অঞ্চল শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে।

 গোলাঘাট জিলাৰ বোকাখাতৰ বান পৰিস্থিতি কালি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। অঞ্চলটোত বান ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।