August 5, 2026 11:37 AM

views 3

অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০লৈ বৃদ্ধি

বিগত ২৪ ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি ১০খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত ২৮টা ৰাজহ চক্ৰৰ ৩৬৫ খন গাঁৱৰ ১৫ হাজাৰ ৩৪২ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে ১ লাখ ২২ হাজাৰৰো অধিক লোক সম্প্ৰতি বান প্ৰভ...

August 4, 2026 12:44 PM

views 20

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও পানীৰ তলত ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ ৩৮০ খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত ১ লাখ ২৮ হাজাৰ ৭১ জন লোক প্ৰভাৱিত হোৱাৰ উপৰি ১৪ হাজাৰ ২৩০ হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ দুটা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৭ হৈছেগৈ।

August 1, 2026 9:36 PM

views 5

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত ৩৭৯ খন গাঁৱৰ এক লাখ ৯২ হাজাৰ ৭৯৯ জন লোক প্ৰভাৱিত হৈছে। তদুপৰি ১৫ হাজাৰ ৪৩০ হেক্টৰ কৃষি ভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ লৈ বৃদ্ধি পাইছে।  জিলা প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ক্ষতিগ্রস্ত অঞ্চলসমূহত সাহায্য প্ৰদানৰ উপৰি পুনৰ্বাসনৰ ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। মন্ত্রী বিমল বৰাই আ...

July 29, 2026 7:33 PM

views 5

ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ যদিও ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে।

July 27, 2026 8:33 PM

views 10

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, এতিয়াও ৭৬৩খন গাঁও বানত কবলত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও ৯ খন জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৭৬৩ খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্রতি ৫ লাখ ২৪ হাজাৰ ৭৩৩ জন লোক ক্ষতিৰ সন্মুখীন হৈছে।  এইবাৰৰ বানত কালি চৰাইদেউ জিলাত আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ৩৭ হাজাৰ ৭২৪ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সর্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীর্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোক...

July 22, 2026 7:35 PM

views 16

সাম্প্ৰতিক বানত ৰাজ্যৰ ১৬খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্রস্ত, ৩১জন লোকৰ মৃত্যু

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত ১৬ খন জিলাৰ ৫ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কৱলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৩১ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ৪৪টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁৱৰ ২৪ হাজাৰ ২১০ হেক্টৰ কৃষিভূমি বুৰ গৈছে। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীর্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ ৮ টা বন শিবিৰ প্লাৱিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয়...

July 21, 2026 12:38 PM

views 7

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী- ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী- ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰে'লৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰে'লপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰে’লসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰে'লসমূহ ডিব্ৰুগড়ৰ পৰা ...

July 21, 2026 12:36 PM

views 27

ৰাজ্যৰ সাম্প্ৰতিক বানত ১৬খন জিলাৰ ৭৯৪খন গাঁও জলমগ্ন; ১০জনৰ প্ৰাণ হানি

ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ১৬ খন জিলাৰ তিনি লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে।  অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে।  শেহতীয়া বানত ৪৫ টা ৰাজহ চক...

July 20, 2026 10:25 AM

views 34

ৰাজ্যৰ কেইবাখনো জিলাত বান, ৫জন লোকৰ মৃত্যু

ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত ২২টা ৰাজহ চক্ৰ আৰু ২৯৮ খন গাঁৱৰ ৫৭ হাজাৰ ১৯৯ জন লোক প্ৰভাৱিত হৈছে।  এইবাৰৰ বানত মুঠ ৩,৮৭৪.৮৪ হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰ...

June 5, 2025 9:43 PM

views 62

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি, এতিয়াও ১৯খন জিলাৰ ভালেমান অঞ্চল বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত ৬ লাখ ৭৮ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰৰ প্ৰথমটো বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৯০টা আশ্রয় শিবিৰত ৪১ হাজাৰ ৩১৭ ৰো অধিক লোকে আশ্ৰয় লৈ আছে। এই সময়ছোৱাত ২ লাখৰো অধিক পশুধনৰো ক্ষতি ...