ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত ২২টা ৰাজহ চক্ৰ আৰু ২৯৮ খন গাঁৱৰ ৫৭ হাজাৰ ১৯৯ জন লোক প্ৰভাৱিত হৈছে।
এইবাৰৰ বানত মুঠ ৩,৮৭৪.৮৪ হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা ১৪টা সাহায্য শিবিৰত কালি মাজনিশালৈ ৪৪০ জন লোকে আশ্রয় গ্ৰহণ কৰিছে।

ইপিনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি ক্রমাগত ভয়াৱহ হৈ পৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰয়োজনত উদ্ধাৰ আৰু সাহায্য অভিযানত সহায়ৰ বাবে সেনা বাহিনী আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে।
নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ নৈ-উপনৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক প্রয়োজনীয় সহায়ৰ বাবে ০৩৭৭২-২২৩৩৯৭ আৰু ৮৪৭১৮-৬৪৩৫৫ নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্রণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
চৰাইদেউ জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ তথা জিলা আয়ুক্তই সতর্কবাণী জাৰি কৰিছে। জিলাখনৰ মাজেৰে যোৱা ধোদৰ আলিৰ বহুকেইটা স্থান জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত যাতায়াত বন্ধ ৰখা হৈছে। জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে ৬০০২৬-৭০৫০১ হেল্পলাইন নম্বৰ মুকলি কৰিছে।
যোৱা দুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দলামৰা আৰু মালাচি এলেকাৰ তিনিখন গাঁও বানত বুৰ গৈছে। জিলাখনৰ মাজেৰে বৈ যোৱা দৈক্ৰুং, কলিয়নি আৰু ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বানৰ কবলত পৰিব পৰা সম্ভাৱ্য গাঁওসমূহৰ তালিকা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ দিছে। বান সম্পৰ্কীয় যিকোনো তথ্য জনোৱাৰ বাবে জনসাধাৰণক ৯৩৯৫২-৪৮১৮৫ হেল্পলাইন নম্বৰত ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে। জিলাখনৰ ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত জিলাৰ মুখ্য সদৰ ডিফুকে ধৰি বিভিন্ন ঠাইত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ইপিনে ধুবুৰী জিলাতো গংগাধৰ, গদাধৰ, সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে বহুকেইটা অঞ্চল বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জিলা প্ৰশাসনৰ সৈতে অবিৰত যোগাযোগ ৰক্ষা কৰি উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সর্বাধিক ক্ষতিগ্রস্ত জিলাকেইখনত উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰাৰ বাবে মন্ত্রী অজন্তা নেওগ, বিমল বৰা, কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰে’লসেৱা বাতিল কৰা হৈছে। লখিমপুৰ জিলাতো বাঢ়নী পানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰাই নাৰায়ণপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে।