August 4, 2026 12:44 PM | flood in assam

printer

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও পানীৰ তলত ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ ৩৮০ খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত ১ লাখ ২৮ হাজাৰ ৭১ জন লোক প্ৰভাৱিত হোৱাৰ উপৰি ১৪ হাজাৰ ২৩০ হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ দুটা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৭ হৈছেগৈ।