July 21, 2026 12:38 PM | flood in assam

printer

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী- ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী- ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে।

ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰে’লসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰে’লসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে।