July 22, 2026 7:35 PM | flood in assam

printer

সাম্প্ৰতিক বানত ৰাজ্যৰ ১৬খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্রস্ত, ৩১জন লোকৰ মৃত্যু

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত ১৬ খন জিলাৰ ৫ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কৱলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৩১ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ৪৪টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁৱৰ ২৪ হাজাৰ ২১০ হেক্টৰ কৃষিভূমি বুৰ গৈছে।

গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীর্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ ৮ টা বন শিবিৰ প্লাৱিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ ৮টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। 

ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মোৱামাৰী, বন শিবিৰ, কঁহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি তিনিটা, বোকাখাত বনাঞ্চলৰ দুটা আৰু বাগৰি বনাঞ্চলৰ এটা বন শিবিৰ বানৰ কৱলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। 

বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে, বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গৰাৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।