July 27, 2026 8:33 PM | flood in assam

printer

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, এতিয়াও ৭৬৩খন গাঁও বানত কবলত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও ৯ খন জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৭৬৩ খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্রতি ৫ লাখ ২৪ হাজাৰ ৭৩৩ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। 

এইবাৰৰ বানত কালি চৰাইদেউ জিলাত আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ৩৭ হাজাৰ ৭২৪ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সর্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীর্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে।