July 29, 2026 7:33 PM | flood in assam

printer

ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ যদিও ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও ৭খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে।